কবিতাৰ শিৰোনাম, প্ৰতিবিম্ব




 -Dipak Pokhrel: 

Bloger, Writer, Poet, Online Services Provideer 

Contact:: pokhreldipak47@gmail.com

 প্ৰতিবিম্ব

নাজানো তুমি ক'ত আছা

বিছাৰি ফুৰোঁ অনাই বনাই,

নুবুজো তুমাৰ অপাৰ মহিমা 

দৰ্শন পোৱাৰ দৃঢ় হেঁপাহ ই।

দেখা নাই তুমাৰ প্ৰকৃত ৰূপ

বিশ্বাসৰ প্ৰতিমূৰ্ত্তি পূজা,

বুজা নাই তুমাৰ প্ৰকৃতিৰ সৃষ্টি

পৰিবেশ সৌন্দৰ্য ভাষা।

শুনা নাই তুমাৰ অমৃত বাণী

চিৰনমস্য তুমাৰ গৰিমা,

পোৱা নাই তুমাৰ প্ৰকৃত চৰিত্ৰ

দৃশ্যহীন তুমাৰ কৰুণা।

অলৌকিক তুমি অবাস্তৱ তুমি

আকৌ তুমিয়েই সত্য,

মূৰ্তিহীন তুমি সৰ্বশুন্য তুমি

আকৌ তুমিয়েই অনন্য।।

         ‌ ✍️✍️দিপক পখৰেল


Post a Comment

0 Comments