-Dipak Pokhrel:
Bloger, Writer, Content Creator
Contact:: pokhreldipak47@gmail.com
পৰিস্থিতি
দুখ-কষ্ট পৰিস্থিতিৰ বিড়ম্বনা
নৈৰ লগত বৈ যাব
নকৰাত্মক চিন্তা মাদকতা
বতাহ হৈ উৰি যাব
হিংসা কুকৰ্ম অপৰাধ
মৰুভূমি হৈ শুকান হ'ব
সময় সলনি হʼব, সলনি হʼব
সলনি হʼব এই প্ৰকৃতিৰ সৃষ্টি
সলনি হয় যেন মানুহৰ চিন্তা-ভাৱনা
জীৱশ্ৰেষ্ঠ মানুহৰ মানৱতাৰ বৃষ্টিপাত
ইতি আশাবাদী দৃঢ় বিশ্বাস
সময় সলনি হʼব, সলনি হʼব।।
0 Comments