-Dipak Pokhrel:
Bloger, Writer, Content creator
Contact:: pokhreldipak47@gmail.com
.. (বাসনা) ...
আপ্ৰান চেষ্টা হৃদয়ত আশা
বিছাৰি ফুৰো মনৰ মুকুতা
অশেষ পথত স্তব্ধ ৰথ,
মহাশূন্য চৌদিশে
শক্তিহীন বিষাক্ত পীড়া।
কৰ্ম-নিৰোধ,কৰ্মহীনতা
সংস্থাপনৰ বিমুখে
মৰহি যোৱা ফুলৰ কলিত
ভাৰাক্ৰান্ত জীবনৰ দুৰ্দশা।
চান্ঝল্য জীবন অঘৰী আত্মা
কুমলীয়া মনত কুৰুক্ষেত্ৰ
জলাশয়ত মগ্নতা
ভ্ৰান্ত সপোন
বীৰত্ব বিলুপ্তি নিৰৱতা।
ৰবিৰ উজ্বল কিৰনে
নিত্য উষ্ম আদৰণি
ধৈৰ্য্যহীন মনত বিপ্লৱ
বুকুত শিল থৈ......
আকৌ জীয়াৰ থকাৰ প্ৰেৰনা।
-------দীপক পখ্ৰেল
0 Comments